Posts

Showing posts with the label প্ৰৱন্ধ সম্ভাৰ

বাঘজানৰ আৰ্তনাদ

Image
বাঘজানৰ আৰ্তনাদ ✍🏻দিলীপ মৰাণ উপ-সভাপতি, সদৌ মৰাণ ছাত্ৰ সন্থা পোন প্ৰথমে, সদৌ মৰাণ ছাত্ৰ সন্থাৰ মজিয়াৰপৰা বাঘজান ঘটনাত মৃত্যক সাৱতি লোৱা অইলৰ কৰ্মচাৰী দুৰ্লভ গগৈ আৰু তিখেশ্বৰ গোহাঁইৰ পৱিত্ৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। দেখা পাইছোঁ, Social media ৰ যোগেদি একাংশ লোক তথা, কিছু অইল কৰ্মচাৰীয়ে উক্ত ঘটনা সংঘটিত হোৱাৰ পিছত আবেগিক হৈ প্ৰতিবাদী হৈ উঠা কাষৰীয়া লোকসকলক একেবাৰে নীচ, তথা অমানৱীয় আখ্যা দিছে । যোৱা ২০-৩০ বছৰ ধৰি অইল খাদ স্থাপনৰ বিৰোধিতা কৰি অহা, সেই ৰাইজে নিজৰ চকুৰ আগতেই নিজৰ ঘৰ-বাৰী, তথা স্বাৱলম্বিতাৰ একমাত্ৰ উৎস কৃষিভূমি, পশুধনসমূহ নষ্ট হৈ যোৱা বা জ্বলি ছাঁই হৈ যোৱাটো কিমান কষ্টকৰ হ'ব পাৰে, এবাৰ আপোনালোকে অনুভৱ কৰাটো উচিত। আৰু সেই মূহুৰ্তত যিকোনো মানুহ বিদ্ৰোহী হৈ, মানসিক অস্থিৰতাৰ প্ৰভাৱ অহাটো স্বাভাৱিক। তাতে আজিও কাষৰীয়া অঞ্চলত বসবাস কৰা লোকসকল তথা সেই জনগোষ্ঠী সমূহ উন্নত সমাজৰ পৰা বহু দূৰৈত। আধুনিক শিক্ষা, অৰ্থনীতি, বিশ্বায়নৰ পৰা বহু দূৰৈত। বিশেষ ভাৱে তাত বসবাস কৰা, Indigenous aboriginal People মৰাণ সকলৰ কথাই যদি কওঁ, আজিও অনুন্নত, অশিক্ষিত, অদূৰদৰ্শী। ভূমি অধিকা...

কৃষকৰ সমস্যা আৰু সাম্প্ৰতিক সময়ৰ চিন্তা

Image
✍  দেৱজ্যোতি বৰুৱা, অধিবক্তা     কৰ'না ভাইৰাছ প্ৰতিৰোধৰ বাবে বিশ্বৰ প্ৰায় সকলোবিলাক দেশতেই লক ডাউনৰ নিয়ম কাৰ্যকৰী কৰিব লগা হৈছে । এই  লক ডাউনৰ সময়ছোৱাত বিশ্বৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ ধনী  দুখীয়া নিৰ্বিশেষে আটাইতকৈ বেছি প্ৰয়োজন হোৱা বস্তটো  হৈছে খাদ্য দ্ৰব্য । কিন্তু যি সকল ব্যক্তিয়ে অশেষ পৰিশ্ৰম কৰি এই খাদ্যদ্ৰব্য সমূহ প্ৰস্তত কৰে, এই কৃষকসকল প্ৰতিটো মুহুৰ্ততে আজি হৈ আহিছে লাঞ্চিত আৰু বঞ্চিত । ( মৰ্য্যদা সম্পন্ন শ্ৰমৰ কথা সৰ্বস্তৰত প্ৰযোজ্য হয় যদিও আজি এজন কৃষকে কৰা শ্ৰমৰ বিনিময়ত যিখিনি লাভ কৰে এইয়া যিকোনো এগৰাকী চৰকাৰী অথবা বেচৰকাৰী খণ্ডৰ কৰ্মচাৰী শ্ৰমৰ তুলনাত অতি নগন্য । আনহাতে খেতিৰ ফচল উৎপাদন ক্ষেত্ৰতো সদায় এক অনিশ্চয়তা থাকে । ই বহু কাৰক বতৰ, বীজ, অভিজ্ঞতা আদিৰ ওপৰত নিৰ্ভৰশীল। তেনে এক অনিশ্চয়তা স্বতেও  বৰ্তমানেও যি সকল লোকে খেতি কৰ্মৰ লগত জড়িত হৈ আছে তেখেতলোকে হয় ইয়াক এক বৃত্তি অথবা বাধ্যত পৰিহে ধাৰাবাহিকতা ৰক্ষা কৰি কৰি আছে । লাগিলে  বৃত্তি অথবা বাধ্যত পৰি যি কাৰনতেই নহওক কিয়  আন বহু ৰাজ্যৰ দৰে অসমতো সংঘটিত হৈছে বহ...

ঘৰখনতে ছোৱালীজনীৰ স্বাধীনতা কাঢ়ি লোৱা হয়

Image
✍ আৰতি দেৱী অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় যুগৰ পৰিৱৰ্তন হৈছে। নাৰীসকল পুৰুষৰ স'তে খোজ মিলাই সমানে আগুৱাই গৈছে। শিক্ষা, বিজ্ঞান, ৰাজনীতি, ক্ৰীড়া-সংস্কৃতি সকলো দিশতে নাৰীয়ে পুৰুষৰ স'তে ফেৰ মাৰিব পৰা এটা পৰিবেশ হৈছেগৈ। বৰঞ্চ বহুক্ষেত্ৰত পুৰুষতকৈ নাৰী বহু বিষয়ত বেছি আগবাঢ়ি গৈছে। বাতৰি কাকত, সংবাদ মাধ্যম যেনে টেলিভিছন ইত্যাদি মহিলাৰ সাফল্যৰ বাতৰি দিনৌ আমি পাই থাকোঁ। আর্থিকভাৱে অতি নিম্ন মধ্যবিত্ত শ্ৰেণীৰ পৰা আৰম্ভ কৰি বহু উচ্চ শ্ৰেণীৰ পৰিয়ালৰ পৰা অহা বহু নাৰীৰ নাম কেউফালে বৰ্তমান সময়ত উজ্জ্বলি উঠিছে, যিসকলক লৈ নাৰী হিচাপে আমিও গৰ্ব কৰিব পাৰো। পুৰুষসকলেও নাৰীৰ সফলতাত বহু প্ৰকাৰে সহায় সহযোগিতাৰে অৰিহণা যোগাইছে। পিতৃ মাতৃয়েও ল'ৰা সন্তানৰ সমানে কন্যা সন্তানকো সমানে গুৰুত্ব প্ৰদান কৰি শিক্ষাৰ দিশত আগুৱাই যাবলৈ উৎসাহ প্ৰদান কৰিছে। কিন্তু প্ৰতিটো ক্ষেত্ৰতে নাৰীয়ে পাৰদৰ্শিতা প্ৰদৰ্শন কৰিলেও আমাৰ মনত প্ৰশ্ন জাগে মানসিকভাৱে নাৰীয়ে পুৰুষৰ লগত সমানে তাল মিলাই চলিব পাৰিছেনে ? ক'ৰবাত নহয় ক'ৰবাত যেন মানসিকভাৱে এতিয়াও নাৰীয়ে পুৰুষৰ সমানে আগুৱাব পৰা নাই। নাৰীয়ে এতিয়াও যেন...

ঈশ্বৰে নাৰীক যুঁজিবলৈ দিছে অপাৰ শক্তি

Image
✍ আৰতি দেৱী অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় নাৰী সহনশীলা, নাৰী ধৈৰ্যশীলা, নাৰী প্ৰাণদায়িনী ইত্যাদি উপমাৰে নাৰীক বিভূষিত কৰা হয়। এনেধৰণৰ উপমাৰ আঁৰৰ সত্যতা নোহোৱা নহয়। হয়তো সন্তান গৰ্ভত ধাৰণ কৰাৰ ক্ষমতাও ঈশ্বৰে নাৰীক সেই বাবেই দিছে। সেই ৰামায়ণ, মহাভাৰতৰ যুগৰে পৰা সীতা, কুন্তী, গান্ধাৰী এনেবোৰ উপমাৰ উৎকৃষ্ট উদাহৰণ। স্বামী পৰিত্যক্ত হৈয়ো সীতাই নিজ সন্তানৰ প্ৰতি কৰ্তব্য পালনত অৱহেলা কৰা নাছিল।  চকু থাকিও গান্ধাৰীয়ে স্বামী অন্ধ হোৱা হেতুকে নিজেও চকুত কাপোৰ বান্ধি অন্ধৰ ভূমিকা পালন কৰি আহিছিল, শক্তিৰূপিনীৰ ৰূপত দুৰ্গা গোসাঁনীয়ে ৰূপ লৈছিল আসুৰিক শক্তিক বিনাশ কৰিবলৈ। কনকলতা বৰুৱা, মূলা গাভৰু আদি বীৰ বীৰাংণাসকলৰ কৰ্মৰাজিয়ে ইতিহাস ৰচি গৈছে। আধুনিক সময়তো বিভিন্ন ক্ষেত্ৰত নাৰীৰ অগ্ৰণী ভূমিকাই আজিও নাৰী যে কোনো ক্ষেত্ৰত পিছ হোঁহকি থকা নাই, তাক উদাহৰণ সহকাৰে সকলোকে পতিয়ন নিয়াবলৈ সক্ষম হৈছে। এগৰাকী নাৰীক সৃষ্টিৰ মূল চালিকা শক্তি হিচাপে গণ্য কৰিব পাৰি। সন্তান গৰ্ভত ধাৰণ কৰি জন্ম দিয়ালৈকে, আকৌ জন্ম দিয়াৰ পিছৰে পৰা লালন পালন কৰি অশেষ কষ্টৰে মাতৃৰ কৰ্তব্য পালন কৰি সন্তানৰ চৰিত্ৰ গঠন কৰ...

পিতৃ-মাতৃ আৰু সন্তানৰ সংঘাত এক সামাজিক ব্যাধি নহয় যেন

Image
পিতৃ-মাতৃ আৰু সন্তানৰ সংঘাত এক সামাজিক ব্যাধি নহয় যেন ✍ আৰতি দেৱী অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আদালতৰ কাঠগড়াত থিয় হৈ থকা মানুহজনে হুকহুকাই কান্দি উঠিল। মহামান্য বিচাৰপতিলৈ চাই কান্দি কান্দি বৃদ্ধ মানুহজনে ক'লে- 'নালাগে প্ৰভু ঈশ্বৰ, হেজাৰ হ'লেও মই বাপেক, মই নোৱাৰো, নোৱাৰো মই চাই থাকিব সি শাস্তি পোৱাটো। ঈশ্বৰ যদি আছে, ঈশ্বৰেই তাক শাস্তি দিব। মই আৰু গোচৰ নচলাও প্ৰভু। প্ৰায় আশী বছৰ বয়সীয়া বৃদ্ধ মানুহজনৰ চকুলোৱে আদালতৰ ভিতৰত উপস্থিত থকা অধিবক্তাসকলৰ লগতে আন মানুহসকলৰো চকু সেমেকাই তুলিলে। মোৰ বুকুখনত সেই পুৰণা বিষয়টোৱে বৰকৈ আমনি কৰিলে। মোৰ দুচকুও সেমেকি উঠিল। বিচাৰপতিয়ে বৃদ্ধ মানুহজনৰ আচামী পুত্ৰলৈ চাই ক'লে 'আপোনাৰ পিতৃয়ে এই গোচৰ আৰু আগবঢ়াব খোজা নাই, গতিকে আজিৰ পৰা আপুনি আৰু আদালতলৈ আহিব নালাগে। এই গোচৰৰ পৰা আপোনাক ৰেহাই দিয়া হ'ল। বৃদ্ধ মানুহজনে উৱলি যোৱা কামিজৰ চুক এটাৰে চকু দুটা মচি মচি আদালতৰ বাহিৰলৈ ওলাই আহিল। আদালতৰ দুৱাৰ মুখত সেমেনা সেমেনিকৈ ৰৈ থকা বৃদ্ধজনৰ পুত্ৰই মাত দিলে 'দেউতা'; কিন্তু বৃদ্ধজনে এবাৰো পুতেকৰ ফালে নাচালে। লগত অহা সমবয়সী...

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন, উত্থাপিত ৰাজনৈতিক বিকল্পৰ চিন্তা আৰু যুৱ সমাজৰ কৰণীয়

Image
✍  দেবাংগ সৌৰভ গগৈ প্ৰগতিশীল চিন্তক, যুৱ উদ্যোগী  অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ ইতিমধ্যেই নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনে এক ভৰপক ৰূপ লৈছে। ২০১৬ ৰ পৰাই এই ক্ষেত্ৰত ডঃ হীৰেণ গোহাঁই, অখিল গগৈ প্ৰমুখ্যে বুদ্ধিজীৱি, নেতাৰ লগতে বিভিন্ন অঞ্চলৰ সচেতন যুৱক সকলে আহ্বান জনাই আহিছিল যদিও আশা কৰা ধৰণে জনসাধাৰণ সচেতন হোৱা নাছিল। ফলস্বৰূপে আইনখনৰ মুখ্য পৃষ্ঠপোষক বিজেপি দলে অসমৰ পৰা লোকসভা নিৰ্বাচনত যঠেষ্ট সংখ্যক ভোট লাভ কৰিবলৈ সক্ষম হ'ল আৰু ঘোষণা মতেই বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কখন আইনলৈ ৰূপান্তৰিত কৰিলে। অসমীয়াৰ এনে দুখৰ মাজতো কিন্তু আন এক আশাৰ ৰেঙনি দেখিবলৈ পোৱা গ'ল। অসম আন্দোলন নেদেখা আজিৰ প্ৰজন্মৰ অসমীয়া ডেকাই কেৱল আমোদ প্ৰমোদ আৰু বিনোদনৰ মাজতে ব্যস্ত হৈ থাকে বুলি সঘনে আহি থকা অভিযোগ মিছা প্ৰমাণিত কৰি যুৱ শক্তিও জপিয়াই পৰিল কা বিৰোধী আন্দোলনত। হয়টো অসমীয়া ডেকাৰ মাজত এতিয়াও শুই থকা সিংহটোৰ অনুমানেই কৰিব পৰা নাছিল চৰকাৰী পক্ষই। পলমকৈ হ'লেও আৰম্ভ হোৱা এই নেতৃত্ববিহীন আন্দোলনে এতিয়া এটা গতি বিচাৰিছে। অৱশ্যে সেই গতি বিভিন্ন সুবিধাবাদী চক্ৰই নিজৰ স্বাৰ্থৰ...

নতুনৰ সন্ধিক্ষণ, নৱচিন্তন

Image
✍ কমল নয়ন মিশ্ৰ প্ৰৱক্তা, প্ৰাণীবিজ্ঞান বিভাগ ৰাধাকৃষ্ণন একাডেমী, নলবাৰী সময়নো কি?  সৰ্বব্যাপি এই স্থানত চলি থকা ঘটনাবোৰৰ ক্ৰমৰ মাজেদিয়েই সময়ক উপলব্ধি কৰিব নোৱাৰিনে? আচলতে ঋতু পৰিৱৰ্তন,দিন আৰু ৰাতিৰ পুনঃপৌনিক ক্ৰমক  quantify কৰাৰ দ্বাৰাই ঘড়ীৰ ক্ষুদ্ৰতম এককৰ ৰূপত সময়ৰ গণনা সম্ভৱ হৈছিল ।প্ৰতিটো দিনৰ পিছত ৰাতি ,সূৰ্যোদয়ৰ পিছত সূৰ্যাস্ত,মাহৰ পিছত বছৰ বাগৰি আকৌ নতুন বছৰ ।আৰু আমি দেখা আকাশ খন?মহাকাশৰ কোনো আপেক্ষিক স্থান সময়ত সংঘটিত কেতবোৰ মহা ঘটনাইও আমাক সময়ৰ মহা পৰিৱৰ্তনৰ কথাকেই ৰিঙিয়াই শুনাই। 1054 চনৰ জুন মাহৰ  কোনোবা এটা ৰাতি এটা অদ্ভুত তৰা হঠাৎ  জিলিকি উঠিছিল আকাশত ।ক্ৰমশঃ সি উজ্জ্বল হৈ উঠি আন সকলো বোৰ তৰাকেই নিষ্প্ৰভ কৰি তুলিলে, আনকি জোনৰ সৈতেই যেন তৰাটিয়ে ফেৰ মাৰিব খুজিছিল ।দিনৰ প্ৰখৰ ৰ'দতো তৰাটিয়ে পোহৰ বিলাইছিল ।দুবছৰ অতিক্ৰমি যোৱাৰ পিছত এদিন হঠাৎ তৰাটি নুমাই গৈছিল ।এই সমস্ত ঘটনা স্বচক্ষে প্ৰত্যক্ষ কৰি  লিপিবদ্ধ কৰিছিল চীন আৰু  মধ্যপ্ৰাচ্যৰ প্ৰাচীন গৱেষকৰ দলে ।1734 চনত বৃটিছ Astronomer John Bevis য়ে তেওঁৰ দূৰবীণেৰে আকাশৰ সেই স্থানতেই দৃষ্টি ...