কৃষকৰ সমস্যা আৰু সাম্প্ৰতিক সময়ৰ চিন্তা


 দেৱজ্যোতি বৰুৱা, অধিবক্তা


    কৰ'না ভাইৰাছ প্ৰতিৰোধৰ বাবে বিশ্বৰ প্ৰায় সকলোবিলাক দেশতেই লক ডাউনৰ নিয়ম কাৰ্যকৰী কৰিব লগা হৈছে । এই  লক ডাউনৰ সময়ছোৱাত বিশ্বৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ ধনী  দুখীয়া নিৰ্বিশেষে আটাইতকৈ বেছি প্ৰয়োজন হোৱা বস্তটো হৈছে খাদ্য দ্ৰব্য । কিন্তু যি সকল ব্যক্তিয়ে অশেষ পৰিশ্ৰম কৰি এই খাদ্যদ্ৰব্য সমূহ প্ৰস্তত কৰে, এই কৃষকসকল প্ৰতিটো মুহুৰ্ততে আজি হৈ আহিছে লাঞ্চিত আৰু বঞ্চিত । ( মৰ্য্যদা সম্পন্ন শ্ৰমৰ কথা সৰ্বস্তৰত প্ৰযোজ্য হয় যদিও আজি এজন কৃষকে কৰা শ্ৰমৰ বিনিময়ত যিখিনি লাভ কৰে এইয়া যিকোনো এগৰাকী চৰকাৰী অথবা বেচৰকাৰী খণ্ডৰ কৰ্মচাৰী শ্ৰমৰ তুলনাত অতি নগন্য । আনহাতে খেতিৰ ফচল উৎপাদন ক্ষেত্ৰতো সদায় এক অনিশ্চয়তা থাকে । ই বহু কাৰক বতৰ, বীজ, অভিজ্ঞতা আদিৰ ওপৰত নিৰ্ভৰশীল। তেনে এক অনিশ্চয়তা স্বতেও বৰ্তমানেও যি সকল লোকে খেতি কৰ্মৰ লগত জড়িত হৈ আছে তেখেতলোকে হয় ইয়াক এক বৃত্তি অথবা বাধ্যত পৰিহে ধাৰাবাহিকতা ৰক্ষা কৰি কৰি আছে । লাগিলে বৃত্তি অথবা বাধ্যত পৰি যি কাৰনতেই নহওক কিয়  আন বহু ৰাজ্যৰ দৰে অসমতো সংঘটিত হৈছে বহু সাংঘাটিক ঘটনা । প্ৰকৃত কৃষকৰ পৰিবৰ্তে কৃষক সন্মান নিধিৰ ধন লাভ কৰিছে চৰকাৰী চাকৰিয়াল, পেঞ্চনাৰ, অথবা কৃষিৰ লগত সম্পৰ্ক নথকা ব্যক্তিয়ে । কেচুসাৰ নামত কৃষকক প্ৰদান কৰা হৈছে পলসুৱা মাটি আৰু বালি । ভৰ বাৰিষাত লাভ কৰিছে চৰকাৰী সাহাৰ্য্যৰ মাটিমাহ, মগুমাহৰ বীজ, আৰু কৈ শেষ কৰিব নোৱাৰাকৈ বহু ফ্লপ আচঁনি । চৰকাৰলৈ কাতৰ অনুৰোধ আপোনালোকে সহায় কৰিব নোৱাৰিলেও নাই, সহায় কৰাৰ নামত নকল সামগ্ৰীৰ যোগান ধৰি কৃষকে  দেখি অহা সপোনবোৰ অন্ততঃ ভাঙি যাব নিদিব । কাৰন চিকিৎসক সকল অথবা আন আন যোদ্ধা সকলৰ দৰে কৃষক সকলো এই কৰ'না মহামাৰীৰ সময়ত এজন এজন যোদ্ধা, যাৰবাবে আমি প্ৰতিটো মুহুৰ্ততে পৰিপুষ্টিৰ বাবে লাভ কৰি আহিছো আমাৰ প্ৰয়োজনীয় খাদ্যদ্ৰব্যসমূহ । এই কৃষক সকলৰ মন ভাগি গ’লে আগন্তক সময়ত এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব । আহক আমি সকলোৱে মিলি এই সংকটৰ সময়ত প্ৰকৃত কৃষকসকলক সন্মান আৰু সুবিধাসমূহ প্ৰদান কৰি উৎসাহিত কৰো ।

Comments

Popular posts from this blog

প্ৰাকৃতিক পৰিৱেশ আৰু আমাৰ স্বাস্থ্যত ইয়াৰ প্ৰভাৱ

মৰাণ বিহু

সময় যে পাখি লগা কাড় ...