Posts

Showing posts with the label স্বাস্থ্য

প্ৰাকৃতিক পৰিৱেশ আৰু আমাৰ স্বাস্থ্যত ইয়াৰ প্ৰভাৱ

Image
✍ ডাঃ গৌতম গোবিন্দ চেতিয়া অস্থি বিভাগৰ ফিজিঅথেৰাপি বিশেষজ্ঞ।  মূখ্য প্ৰৱন্ধক, চাওলুং চুকাফা হেলথ কেয়াৰ এণ্ড ৰিচাৰ্চ ইনছষ্টিটিউট, হাটীগাও, গুৱাহাটী সভ্যতাৰ নামত, শিল্প বাণিজ্যৰ নামত, তথাকথিত উন্নতিৰ নামত মানুহে মাটি, বায়ু আৰু পানী বিষাক্ত কৰি তুলিছে আৰু লগতে বাতাবৰণ কলুষিত কৰাত ইন্ধন যোগাইছে, যাৰ ফলত বৃহৎ পৰিমাণৰ ক্ষতি গছ-গছনি, জীৱ-জন্তু, চৰাই-চিৰিকটি তথা মানৱ সমাজৰে হৈছে। কল-কাৰখানা আৰু মটৰগাড়ী আদিয়ে বৃহৎ পৰিমাণৰ সালফাৰ-ডাই-অক্সাইড, কাৰ্বন-ডাই-অক্সাইড আৰু সীহ আদি বিষাক্ত গেছ আৰু ধাতব পদাৰ্থ আমাৰ বায়ুমণ্ডলত এৰি দিয়াৰ ফলত মানুহ আৰু পশু-পক্ষীৰ শৰীৰৰ স্নায়ু, হাওঁফাওঁ, উশাহনলী আদি বেয়াকৈ আক্রান্ত হৈছে। গছ-গছনিৰ বৃদ্ধি আৰু উৎপাদনৰ ক্ষমতাও হ্ৰাস হৈছে। চিকিৎসক সকলে শ্বাস-প্ৰশ্বাসজনিত কাৰণত দুৰ্ভোগ ভোগ কৰি থকা ৰোগীক, কঁকাল-আঁঠু আদি বা অন্যান্য ৰোগৰ ৰোগীকো প্ৰাতঃভ্ৰমণ (Morning Walk) কৰিবলৈ প্ৰায়ে পৰামৰ্শ কৰে। ইয়াৰ কাৰণো সুকীয়া তাৰ বিষয়ে অলপ বিষদভাৱে আলোচনা আগবঢ়োৱা হ'ল... পুৱাৰে পৰা চৰাই-চিৰিকটি, পশু-পক্ষী সকলো প্ৰাণীয়ে বায়ুমণ্ডলত শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়াৰ জৰিয়তে...

কঁকালৰ বিষ সচৰাচৰ দেখিবলৈ পোৱা এটা প্ৰধান সমস্যা

Image
✍  ডাঃ গৌতম গোবিন্দ চেতিয়া অস্থি বিভাগৰ ফিজিঅথেৰাপি বিশেষজ্ঞ।  মূখ্য প্ৰৱন্ধক, চাওলুং চুকাফা হেলথ কেয়াৰ এণ্ড ৰিচাৰ্চ ইনছষ্টিটিউট, হাটীগাও, গুৱাহাটী সৰুৰে পৰা মৃত্যু পৰ্যন্ত আমাৰ শৰীৰৰ ওজন কঢ়িওৱা সৰ্বোচ্চ ডাঙৰ জইণ্টটোৱেই হ'ল কঁকাল।তাৰ পাছতহে আঁঠু দুটা বা অন্য। গতিকে কঁকাল বিষৰ কাৰণ ভিন্ন হোৱাটো স্বাভাৱিক। যিদৰে মেদবহুলতা এটা প্ৰধান কাৰণ, ঠিক তেনেদৰে যিকোনো ধৰণৰ অতিমাত্ৰা কাম কৰা, একেৰাহে বহি থকা, একেৰাহে ঠিয় হৈ থকা, অতিমাত্ৰা খোজ কঢ়া ইত্যাদি বিভিন্ন কাৰণ স্বাভাৱিকতে দেখা পোৱা যায়। আমাৰ ৰাজহাড় ডাল হৈছে ৩৩ খন সংযুক্ত হাড়ৰ  সমষ্টি অৰ্থাৎ মগজুৰ স্কাল অংশৰ পৰা কঁকালৰ তললৈকে ই বিস্তৃত হৈ আছে। এখনৰ লগত আনখন ডিক্স মিলি মুঠ বত্ৰিশখন সমান্তৰাল ভাৱে। আমাৰ এই ডিক্সবোৰৰ সমষ্টি দেখাত প্ৰায় এছ (S) আকৃতিৰ চেপৰ দৰে। মন কৰিবলগীয়া কথাটো হ'ল ডিঙিৰ অঞ্চলটো আৰু কঁকালৰ অঞ্চলটোতহে তাৰ মাজৰ অঞ্চলটোতকৈ পৰ্যাপ্ত পৰিমাণৰ বিষ হোৱা লোকৰ সংখ্যাই অধিক দেখা যায়, তাৰ তুলনাত মাজৰ অঞ্চলটোত বিষ হোৱা ৰোগীৰ সংখ্যা কিন্তু নগণ্য, ইয়াৰ পৰা এটা সিদ্ধান্তলৈ আহিব পাৰি যে আমাৰ সচৰাচৰ লৰচৰ হৈ থকা শৰীৰ...

ফিজিঅ'থেৰাপি বিষ আৰু প্ৰতিবন্ধকতাৰ নিৰ্ভৰযোগ্য চিকিৎসা

Image
ফিজিঅ'থেৰাপি বিষ আৰু প্ৰতিবন্ধকতাৰ নিৰ্ভৰযোগ্য চিকিৎসা ✍ ডাঃ গৌতম গোবিন্দ চেতিয়া অস্থি বিভাগৰ ফিজিঅথেৰাপি বিশেষজ্ঞ।  মূখ্য প্ৰৱন্ধক, চাওলুং চুকাফা হেলথ কেয়াৰ এণ্ড ৰিচাৰ্চ ইনছষ্টিটিউট, হাটীগাও, গুৱাহাটী ৰোগ নিৰাময়ৰ বাবে ঔষধ সেৱন কৰিব লাগে বুলি সকলোৱে জানো। কিন্তু আধুনিক চিকিৎসা ব্যৱস্থাত ঔষধ অবিহনেও সম্ভৱ হৈছে ৰোগ নিৰাময়। সাধাৰণতে এজন সুস্থ ব্যক্তিৰ শৰীৰত যেতিয়া অস্বাভাৱিকতাই দেখা দিয়ে তেতিয়া ব্যক্তিজনৰ দেহত বিভিন্ন ৰোগৰ উপসৰ্গই দেখা দিয়ে। ৰোগৰ বীজাণুৰ সৈতে যুজঁ দি আমাৰ শৰীৰটোক নিৰোগী কৰি ৰাখিবলৈ Immuno System নামৰ এক বিশেষ ব্যৱস্থা আছে। Immuno System নামৰ এই শক্তিয়ে ৰোগৰ বীজাণুৰ সৈতে পাৰ্যমানে যুদ্ধত লিপ্ত হয় আৰু ৰোগ সৃষ্টিকাৰী বীজাণুক পৰাজয় কৰিবলৈ সক্ষম হয়। দুয়ো পক্ষৰ যুদ্ধৰ ফলত যদি আমাৰ Immuno System টো কিবা কাৰণত পৰাজিত হয়, তেতিয়াই আমাৰ দেহত জ্বৰ-পানীলগা আদি নানা ৰোগৰ সৃষ্টি হয়। এনে অৱস্থাত চিকিৎসকৰ পৰামৰ্শ অবিহনে অৱশ্যে সৰু-সুৰা ৰোগতে ঔষধ সেৱন কৰিলে বিৰূপ প্ৰভাৱহে পৰিব। সামান্য অসুখতে ঔষধ সেৱন কৰিলে আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা নিষ্কর্মা হৈ পৰিব পাৰে। চিকিৎসা বি...