বাঘজানৰ আৰ্তনাদ

বাঘজানৰ আৰ্তনাদ

✍🏻দিলীপ মৰাণ
উপ-সভাপতি, সদৌ মৰাণ ছাত্ৰ সন্থা

পোন প্ৰথমে, সদৌ মৰাণ ছাত্ৰ সন্থাৰ মজিয়াৰপৰা বাঘজান ঘটনাত মৃত্যক সাৱতি লোৱা অইলৰ কৰ্মচাৰী দুৰ্লভ গগৈ আৰু তিখেশ্বৰ গোহাঁইৰ পৱিত্ৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। দেখা পাইছোঁ, Social media ৰ যোগেদি একাংশ লোক তথা, কিছু অইল কৰ্মচাৰীয়ে উক্ত ঘটনা সংঘটিত হোৱাৰ পিছত আবেগিক হৈ প্ৰতিবাদী হৈ উঠা কাষৰীয়া লোকসকলক একেবাৰে নীচ, তথা অমানৱীয় আখ্যা দিছে । যোৱা ২০-৩০ বছৰ ধৰি অইল খাদ স্থাপনৰ বিৰোধিতা কৰি অহা, সেই ৰাইজে নিজৰ চকুৰ আগতেই নিজৰ ঘৰ-বাৰী, তথা স্বাৱলম্বিতাৰ একমাত্ৰ উৎস কৃষিভূমি, পশুধনসমূহ নষ্ট হৈ যোৱা বা জ্বলি ছাঁই হৈ যোৱাটো কিমান কষ্টকৰ হ'ব পাৰে, এবাৰ আপোনালোকে অনুভৱ কৰাটো উচিত। আৰু সেই মূহুৰ্তত যিকোনো মানুহ বিদ্ৰোহী হৈ, মানসিক অস্থিৰতাৰ প্ৰভাৱ অহাটো স্বাভাৱিক। তাতে আজিও কাষৰীয়া অঞ্চলত বসবাস কৰা লোকসকল তথা সেই জনগোষ্ঠী সমূহ উন্নত সমাজৰ পৰা বহু দূৰৈত। আধুনিক শিক্ষা, অৰ্থনীতি, বিশ্বায়নৰ পৰা বহু দূৰৈত। বিশেষ ভাৱে তাত বসবাস কৰা, Indigenous aboriginal People মৰাণ সকলৰ কথাই যদি কওঁ, আজিও অনুন্নত, অশিক্ষিত, অদূৰদৰ্শী। ভূমি অধিকাৰৰ পৰা বহু দূৰৈত। আৰু সেইবাবেই ST কৰণৰ দাবী মৰাণ জনজাতীয় সংগঠন সমূহৰ যোগেদি উত্থাপন হৈ আহিছে ।  যদি, social media ত উপৰোক্ত ধৰণে লিখি থকা সেইসকল ব্যক্তিৰ দৰে Smart, Updated, পৰিবেশ পৰিস্থিতি অনুভৱ কৰি মানসিক ভাৱে সৱল হোৱাহেঁতেন আমি, মৰাণ সকলে কেতিয়াও জনজাতি (tribal) হৈ নেথাকিলোঁহেঁতেন।
ঘপহকে ঘটনা এটা হ'লেই কিবা এটা কোৱাৰ আগতে, মনত আঘাট সনা কথাবোৰ লিখি থকা ব্যক্তি সকলে আজিলৈকে কি পদক্ষেপ আগবঢ়ালে সেইসকলে সমাজক উন্নত কৰি তুলিবৰ কাৰণে ?? সলা গছ দেখি বাগী কুঠাৰ মাৰিলেই নহ'ব। গছজোপা থিয় কৰিবৰ বাবে ঠেকা দিয়াটো উচিত কথা ।দ্বিতীয়তে, আপোনালোকে এবাৰ ‘United Nations:Declaration:on:Rights to The Indigenous Peoples (UNDRIP) 2007’ অধ্যয়ন কৰাটো উচিত( অইলৰ CSR ৰ কথা কোৱা ব্যক্তি সকলে বিশেষকৈ)। নিজৰ ancestral তথা traditionally owned land, territories আৰু resourcesৰ ওপৰত কিমান অধিকাৰ ৰাষ্ট্ৰ সংঘ (United Nations) ই ভূমিপুত্ৰ (indigenous) সকলক অধিকাৰ প্ৰদান কৰিছে! 
তৃতীয়তে, এই অঞ্চলৰ ভূমিপুত্ৰ সকলৰ উন্নয়ণৰ স্বাৰ্থত প্ৰাকৃতিক সম্পদৰ বিনিময়ত চৰকাৰ তথা অইলে বহুত কৰিছে বুলি ভবা সকলে এবাৰ Nagaland Petroleum and Natural Gas Rules-ৰ বিষয়ে খবৰ কৰক। একে সময়ৰ সমান্তৰাল ভূমিপুত্ৰক Article 371A ৰ যোগেদি যদি প্রাকৃতিক সম্পদৰ ক্ষেত্ৰত অধিকাৰ প্ৰদান কৰে, তেন্তে একেখনেই ভাৰতীয় সংবিধানৰ তলত বসবাস কৰা আন সকলে কিয় অধিকাৰ ভোগ কৰিব নোৱাৰে ? Discrimination কোনে সৃষ্টি কৰিছে ? উল্লেখ কৰিব খোজোঁ, #UNDRIP ৰ Article_28 অনুসৰি,
1. Indigenous peoples have the right to redress, by means that can include restitution or, when this is not possible, just, fair and equitable compensation, for the lands, territories and resources which they have traditionally owned or otherwise occupied or used, and which have been confiscated, taken, occupied, used or damaged without their free, prior and informed consent.
2. Unless otherwise freely agreed upon by the 
peoples concerned, compensation shall take the form of lands, territories and resources equal in quality, size and legal status or of monetary compensation or other appropriate redress. যদিহে অইলে আৰম্ভণিৰ পৰাই কুটিল ৰাজনীতি নকৰি সকলো ভূমিপুত্ৰ ৰাইজক উৎপাদিত সম্পদৰ সমান quality, size আৰু legal status অনুসৰি ভূমিখণ্ডৰ ব্যৱহাৰৰ Compensation প্ৰদান কৰি সেই ভূমিৰ গৰাকীক (land owner) শিক্ষা, স্বাস্থ্য ইত্যাদি সকলো দিশতে উন্নত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিলেহেঁতেন নিশ্চয়কৈ আজি আপোনালোকে এনেদৰে লিখিবলগীয়া নহ'লহেঁতেন। UNDRIP ৰ Article 8, Sec 1 অনুসৰি,
1. Indigenous peoples and individuals have the right not to be subjected to forced assimilation or destruction of their culture. 
এই ঘটনা টোৰ ফলত, আশ্ৰয় শিবিৰত থাকিবলগা হোৱাৰ ফলত মায়ামৰা ধৰ্মত বিশ্বাসী মৰাণ সকলে নিয়মিত পালন কৰি অহা ৰীতি-নীতি অমান্য কৰিব লগীয়া হৈছে। ঘৰখনৰ জ্যেষ্ঠ ব্যক্তি সকলৰ সৈতে একেটা কোঠাতে শোৱাটো মহিলা সকলৰ বাবে নীতি বহিৰ্ভূত। ৰাতিপুৱাই নিত্য কাৰ্য কৰি পাকঘৰত মূল চৰু শালিত প্ৰৱেশ কৰি সেৱা গ্ৰহণ কৰাৰ দৰে বহুত নীতি, নিয়ম, সংস্কৃতি আজি আশ্ৰয় শিবিৰত থাকিবলগীয়া হোৱাৰ ফলত মানিব পৰা নাই। বহুতো সময়ত একেটা টিউব ৱেল, গা ধোৱা ঘৰ ব্যৱহাৰ কৰাটো ও অনিয়ম। এইয়া কাৰ দুখত ভুগিব লগীয়া হৈছে আমাৰ ভুক্তভোগী ৰাইজে ?এতিয়া Loss Assessment ৰ সময়ত এই সকলো বিলাক অন্তৰ্ভুক্ত হ'বনে ?
কাৰণ আকৌ Section_2 অনুসৰি, States shall provide effective mechanisms for prevention of, and redress for:
(a) Any action which has the aim or effect of 
depriving them of their integrity as distinct 
peoples, or of their cultural values or ethnic 
identities;
(b) Any action which has the aim or effect of 
dispossessing them of their lands, territories 
or resources; কোনে হিচাব ৰাখিব এই সকলো বোৰৰ ?? চৰকাৰ খনে বা অইলে বাৰু আগতীয়া কৈ Prevention ৰ ব্যৱস্থা লৈছিল নে ??? জিলা প্ৰশাসনে প্ৰতিদিনে আইনগত ভাবে Safety measures ৰ তথ্য সংগ্ৰহ কৰিছিল নে ?? সেইয়া উত্তৰ সকলোৰে মুখতে আছে। যেনেদৰে, ঘৰ-বাৰী সমস্ত হেৰুৱাই আজি ৰাইজ জীৱন মৃত্যুক লৈ শংকিত হৈ আছে, একেদৰেই নিজৰ স্বামী-পুত্ৰ ক হেৰুৱাই দুটা পৰিয়াল দুখত বিহ্বল হৈ আছে। গতিকে সকলো পক্ষলৈ আমাৰ অনুৰোধ, আহ্বান যাতে বৰ্তমানৰ পৰিস্থিতিৰ সময়ত সকলোৱে একগোট হৈ একতাৰে বসবাস কৰি, মানৱীয় দৃষ্টি ভঙ্গীৰে সমস্যাৰ সৈতে যুঁজিলেহে আমি সফল হব পাৰিম ।আহক, আমি একেলগে Pray কৰোঁ, Baghjan বাচি উঠক।
STAY_UNITED.

Comments

Popular posts from this blog

প্ৰাকৃতিক পৰিৱেশ আৰু আমাৰ স্বাস্থ্যত ইয়াৰ প্ৰভাৱ

মৰাণ বিহু

সময় যে পাখি লগা কাড় ...