ঈশ্বৰে নাৰীক যুঁজিবলৈ দিছে অপাৰ শক্তি



✍ আৰতি দেৱী
অধিবক্তা
গুৱাহাটী উচ্চ ন্যায়ালয়


নাৰী সহনশীলা, নাৰী ধৈৰ্যশীলা, নাৰী প্ৰাণদায়িনী ইত্যাদি উপমাৰে নাৰীক বিভূষিত কৰা হয়। এনেধৰণৰ উপমাৰ আঁৰৰ সত্যতা নোহোৱা নহয়। হয়তো সন্তান গৰ্ভত ধাৰণ কৰাৰ ক্ষমতাও ঈশ্বৰে নাৰীক সেই বাবেই দিছে। সেই ৰামায়ণ, মহাভাৰতৰ যুগৰে পৰা সীতা, কুন্তী, গান্ধাৰী এনেবোৰ উপমাৰ উৎকৃষ্ট উদাহৰণ। স্বামী পৰিত্যক্ত হৈয়ো সীতাই নিজ সন্তানৰ প্ৰতি কৰ্তব্য পালনত অৱহেলা কৰা নাছিল।  চকু থাকিও গান্ধাৰীয়ে স্বামী অন্ধ হোৱা হেতুকে নিজেও চকুত কাপোৰ বান্ধি অন্ধৰ ভূমিকা পালন কৰি আহিছিল, শক্তিৰূপিনীৰ ৰূপত দুৰ্গা গোসাঁনীয়ে ৰূপ লৈছিল আসুৰিক শক্তিক বিনাশ কৰিবলৈ। কনকলতা বৰুৱা, মূলা গাভৰু আদি বীৰ বীৰাংণাসকলৰ কৰ্মৰাজিয়ে ইতিহাস ৰচি গৈছে। আধুনিক সময়তো বিভিন্ন ক্ষেত্ৰত নাৰীৰ অগ্ৰণী ভূমিকাই আজিও নাৰী যে কোনো ক্ষেত্ৰত পিছ হোঁহকি থকা নাই, তাক উদাহৰণ সহকাৰে সকলোকে পতিয়ন নিয়াবলৈ সক্ষম হৈছে। এগৰাকী নাৰীক সৃষ্টিৰ মূল চালিকা শক্তি হিচাপে গণ্য কৰিব পাৰি। সন্তান গৰ্ভত ধাৰণ কৰি জন্ম দিয়ালৈকে, আকৌ জন্ম দিয়াৰ পিছৰে পৰা লালন পালন কৰি অশেষ কষ্টৰে মাতৃৰ কৰ্তব্য পালন কৰি সন্তানৰ চৰিত্ৰ গঠন কৰে মাতৃগৰাকীয়েই। পুৰুষজনে যদিও একোটা পৰিয়ালৰ মুখ্য চৰিত্ৰৰ ভূমিকা পালন কৰে, ঘৰখনৰ নাৰীগৰাকীয়েহে আচলতে প্ৰধান চালিকা শক্তিৰূপে থিয় হয়। মাতৃৰ উশাহ নিশাহেৰে পৰিচিত হৈ সন্তানে মূলতঃ মাতৃগৰাকীৰ পৰাহে মানৱীয় বৈশিষ্ট্যসমূহ আহৰণ কৰে আৰু তেনে বৈশিষ্ট্যৰে বিভূষিত হৈ সমাজৰ এজন সু-নাগৰিক হিচাপে প্ৰতিষ্ঠিত হৈ সমাজলৈ শুভ বাৰ্তা প্ৰেৰণ কৰে। সেয়েহে ক'ব পাৰি যে সমাজ আৰু নাৰীৰ সম্বন্ধ অতি নিবিড়। কেতিয়াবা এনেও হয় যে কোনো নাৰীৰ বাবে সন্তান আৰু স্বামী বিপথগামী হৈছে। কিন্তু ঈশ্বৰে নাৰীক এনেকুৱা এক মানসিক শক্তি দিছে যে এগৰাকী নাৰীয়ে ইচ্ছা কৰিলে বিপথগামী সন্তান আৰু স্বামীক সৎ পথলৈ ঘূৰাই আনিব পাৰে। নাৰীয়ে এতিয়া পুৰুষৰ সমানেই উপাৰ্জনৰ পথ বাছি ল'বলৈ সমৰ্থ হৈছে। বৰঞ্চ কিছু কিছু ক্ষেত্ৰত নাৰীক পুৰুষতকৈ বেছি আগবাঢ়ি যোৱাহে দেখা যায়। শিক্ষা, বিজ্ঞান, সমাজ সেৱা, ৰাজনীতি ইত্যাদি প্ৰতিটো ক্ষেত্ৰতে নাৰীৰ ভূমিকাক শলাগ ল'বই লাগিব। সকলো ক্ষেত্ৰত নাৰী আগবাঢ়ি যোৱাৰ পাছতো কিন্তু আমাৰ দেশত নাৰী নিপীড়নৰ ঘটনা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। ধৰ্ষণ, হত্যা, নিৰ্যাতনৰ দৰে ঘটনাসমূহৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাৰ বাতৰি বিভিন্ন সংবাদ মাধ্যমত আমি পায়েই থাকো। আমি নিজেও এনে নাৰী সংক্ৰান্তীয় গোচৰসমূহ দিনৌ বিভিন্ন আদালতত প্ৰত্যক্ষ কৰি আহিছো। দুখ হয়, যেতিয়া জীৱনৰ অধিক সময় পৰিয়ালৰ বাবে দিয়াৰ পাছতো অথবা বিভিন্ন ত্যাগৰ বিনিময়তো নাৰীয়ে নিজৰ প্ৰাপ্য সন্মানখিনিৰ পৰা বঞ্চিত হয়। নাৰীৰ সুৰক্ষাৰ বাবে আইনত বিভিন্ন দিহা আছে বা নাৰী নিৰ্যাতনৰ গোচৰত অভিযুক্তসকলক উপযুক্ত শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা বিধি আইনে ধার্য কৰিছে যদিও আইন এনেবোৰ ঘটনা ৰোধৰ বাবে শেষ সম্বল নহয়। এখন সুস্থ সমাজ গঢ়িবলৈ হ'লে দেশৰ প্ৰতিগৰাকী নাৰীকে উপযুক্ত সন্মান দিবই লাগিব। প্ৰতিগৰাকী নাৰীকে শিক্ষাৰ উপযুক্ত ব্যৱস্থা কৰি এগৰাকী সম্পূৰ্ণ নাৰী হিচাপে গঢ় দিব লাগিব, কাৰণ সেই নাৰীগৰাকীয়েই ভৱিষ্যতে মাতৃৰ ভূমিকা গ্ৰহণ কৰি নিজৰ সন্তানক এক সুস্থ পৰিবেশ প্ৰদান কৰি সন্তানক সমাজৰ এজন সু-নাগৰিক হিচাপে গঢ় দিবলৈ তেতিয়াহে সক্ষম হ'ব। আহক এগৰাকী নাৰীক আমি এগৰাকী কন্যা, ভগ্নী, পত্নী, মাতৃ হিচাপে সন্মান প্ৰদান কৰোঁ।


৮ মাৰ্চ ২০২০ অগ্ৰদূতত প্ৰকাশিত।

Comments

Popular posts from this blog

মৰাণ বিহু

প্ৰাকৃতিক পৰিৱেশ আৰু আমাৰ স্বাস্থ্যত ইয়াৰ প্ৰভাৱ

সময় যে পাখি লগা কাড় ...