Posts

প্ৰকৃতি আৰু সমাজক নিৰৱে ভালপোৱা মানুহজন

Image
✍বিতুল গগৈ, শিৱসাগৰ “প্ৰকৃতিৰ ধুনীয়া সৃষ্টিৰ পথাৰত আমি অসমীয়া জাতি কৃষ্টিৰ পথাৰত ।” এই বাণীকে বুকুত বোৱাই লৈ নিৰৱে প্ৰকৃতি আৰু মানুহৰ সেৱা কৰি গৈছে চৰাইদেউ জিলাৰ এজন প্ৰকৃতি প্ৰেমী, মানৱতাবাদী, সমাজ সেৱক ধমেশ্বৰ কোঁৱৰ । যি প্ৰকৃতিক জীয়াই ৰখাৰ বাবে গছ পুলি ৰুপন, বন্য প্ৰাণীৰ প্ৰতি প্ৰেমৰ বাবে কাম কৰি গৈছে জীৱনৰ ব্ৰতৰ দৰে । দুখীয়াৰ চকুত চকুলো দেখিলে যাৰ হিয়াই কান্দি উঠে, সমাজৰ অৱহেলিত , বঞ্চিত জনৰ বাবে যি কৰি আহিছে নিৰৱে সহায় আৰু প্ৰেৰণাৰ প্ৰতীক ৰূপে সেৱা আৰু সহায়ৰ হাত ।    প্ৰকৃতি প্ৰেমী তথা প্ৰকৃতিৰ নিৰৱ সৈনিক  ধমেশ্বৰ কোঁৱৰ জন্ম হৈছিল ১৯৭১ চনৰ ১৯ ছেপ্তেম্বৰত এঙেৰাৰ ২ নং কোঁৱৰ গাৱত । স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল ছ্যুকাফা নগৰ প্ৰাথমিক বিদ্যালয়ত । মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষা গ্ৰহণ কৰিছিল দ’লবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত । ১৯৯১ সোণাৰী মহাবিদ্যালয়ত স্নাতক কলা শাখাত নামভৰ্তি যদিও তেখেতে স্নাতক শিক্ষা শেষ নকৰাকৈ ১৯৯৩ চনত চাকৰি জীৱনৰ আৰম্ভণি কৰে । প্ৰকৃতি আৰু সমাজক ভালপোৱা ধম্মেশ্বৰ কোঁৱৰে বনানীকৰনৰ বাবে বৃক্ষ ৰোপন, প্ৰতিপালন, সমাজ দৰিদ্ৰ লোক সকলক সহায় কৰি অহা উপ...

বাঘজানৰ আৰ্তনাদ

Image
বাঘজানৰ আৰ্তনাদ ✍🏻দিলীপ মৰাণ উপ-সভাপতি, সদৌ মৰাণ ছাত্ৰ সন্থা পোন প্ৰথমে, সদৌ মৰাণ ছাত্ৰ সন্থাৰ মজিয়াৰপৰা বাঘজান ঘটনাত মৃত্যক সাৱতি লোৱা অইলৰ কৰ্মচাৰী দুৰ্লভ গগৈ আৰু তিখেশ্বৰ গোহাঁইৰ পৱিত্ৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। দেখা পাইছোঁ, Social media ৰ যোগেদি একাংশ লোক তথা, কিছু অইল কৰ্মচাৰীয়ে উক্ত ঘটনা সংঘটিত হোৱাৰ পিছত আবেগিক হৈ প্ৰতিবাদী হৈ উঠা কাষৰীয়া লোকসকলক একেবাৰে নীচ, তথা অমানৱীয় আখ্যা দিছে । যোৱা ২০-৩০ বছৰ ধৰি অইল খাদ স্থাপনৰ বিৰোধিতা কৰি অহা, সেই ৰাইজে নিজৰ চকুৰ আগতেই নিজৰ ঘৰ-বাৰী, তথা স্বাৱলম্বিতাৰ একমাত্ৰ উৎস কৃষিভূমি, পশুধনসমূহ নষ্ট হৈ যোৱা বা জ্বলি ছাঁই হৈ যোৱাটো কিমান কষ্টকৰ হ'ব পাৰে, এবাৰ আপোনালোকে অনুভৱ কৰাটো উচিত। আৰু সেই মূহুৰ্তত যিকোনো মানুহ বিদ্ৰোহী হৈ, মানসিক অস্থিৰতাৰ প্ৰভাৱ অহাটো স্বাভাৱিক। তাতে আজিও কাষৰীয়া অঞ্চলত বসবাস কৰা লোকসকল তথা সেই জনগোষ্ঠী সমূহ উন্নত সমাজৰ পৰা বহু দূৰৈত। আধুনিক শিক্ষা, অৰ্থনীতি, বিশ্বায়নৰ পৰা বহু দূৰৈত। বিশেষ ভাৱে তাত বসবাস কৰা, Indigenous aboriginal People মৰাণ সকলৰ কথাই যদি কওঁ, আজিও অনুন্নত, অশিক্ষিত, অদূৰদৰ্শী। ভূমি অধিকা...

কৃষকৰ সমস্যা আৰু সাম্প্ৰতিক সময়ৰ চিন্তা

Image
✍  দেৱজ্যোতি বৰুৱা, অধিবক্তা     কৰ'না ভাইৰাছ প্ৰতিৰোধৰ বাবে বিশ্বৰ প্ৰায় সকলোবিলাক দেশতেই লক ডাউনৰ নিয়ম কাৰ্যকৰী কৰিব লগা হৈছে । এই  লক ডাউনৰ সময়ছোৱাত বিশ্বৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ ধনী  দুখীয়া নিৰ্বিশেষে আটাইতকৈ বেছি প্ৰয়োজন হোৱা বস্তটো  হৈছে খাদ্য দ্ৰব্য । কিন্তু যি সকল ব্যক্তিয়ে অশেষ পৰিশ্ৰম কৰি এই খাদ্যদ্ৰব্য সমূহ প্ৰস্তত কৰে, এই কৃষকসকল প্ৰতিটো মুহুৰ্ততে আজি হৈ আহিছে লাঞ্চিত আৰু বঞ্চিত । ( মৰ্য্যদা সম্পন্ন শ্ৰমৰ কথা সৰ্বস্তৰত প্ৰযোজ্য হয় যদিও আজি এজন কৃষকে কৰা শ্ৰমৰ বিনিময়ত যিখিনি লাভ কৰে এইয়া যিকোনো এগৰাকী চৰকাৰী অথবা বেচৰকাৰী খণ্ডৰ কৰ্মচাৰী শ্ৰমৰ তুলনাত অতি নগন্য । আনহাতে খেতিৰ ফচল উৎপাদন ক্ষেত্ৰতো সদায় এক অনিশ্চয়তা থাকে । ই বহু কাৰক বতৰ, বীজ, অভিজ্ঞতা আদিৰ ওপৰত নিৰ্ভৰশীল। তেনে এক অনিশ্চয়তা স্বতেও  বৰ্তমানেও যি সকল লোকে খেতি কৰ্মৰ লগত জড়িত হৈ আছে তেখেতলোকে হয় ইয়াক এক বৃত্তি অথবা বাধ্যত পৰিহে ধাৰাবাহিকতা ৰক্ষা কৰি কৰি আছে । লাগিলে  বৃত্তি অথবা বাধ্যত পৰি যি কাৰনতেই নহওক কিয়  আন বহু ৰাজ্যৰ দৰে অসমতো সংঘটিত হৈছে বহ...

মৰাণ বিহু

Image
✍ দিলীপ মৰাণ       তিনিচুকীয়া,অসম। (আজি মৰাণ বিহুৰ উৰুকা মানৱ জাতিলৈ যাছিলোঁ  মৰাণ বিহুৰ অলেখ অযুত শুভকামনা) হে'ই হাঁচতি ঐ চ'ত           বিচতি ঐ চ'ত  বুধে বিৰচতি(বৃহস্পতি) মঙলে (মঙ্গল বাৰ)উৰুকা       বিহু গৈ আছিলি ক'ত ? (ল'ৰাৰ বিহু পদ) হে'ই নাঙলতে হালি-জালি        পদূলিতে ভৰি জালি  বিচনী মইনা দৈ         আহ যাং ওমলোংগৈ (ছোৱালীৰ বিহু পদ)  (মৰাণ সকলৰ বিহু জোৰা পদ)           আজিৰেপৰা স্বকীয় পৰম্পৰাৰে মৰাণ বিহু আৰম্ভ হৈছে। আজি মঙল বাৰে মৰাণ জনজাতিৰ  বিহুৰ উৰুকা। অসমৰ অন্যতম থলগিৰি মৰাণ জনজাতিয়ে চ'তৰ সংক্ৰান্তিৰ পৰা বিহু পালন কৰাৰ পৰিৱৰ্তে বহাগ মাহৰ প্ৰথম সপ্তাহৰ প্ৰথম মঙলবাৰৰ পৰাহে বিহু পালন কৰে ।      মঙলে উৰুকা,বুধে গৰুবিহু, একাদিক্ৰমে বৃহস্পতিবাৰে মানুহবিহু,জী-জোৱাই বিহু,আটা কুটুম বিহু........!        বিহু অসমৰ জাতীয় উৎসৱ। অসমীয়াৰ হিয়াৰ আমঠু ,অসমীয়া জ...

বিহুৰ ওলগনি কণ্ঠ শিল্পী নয়ন অসম কলীয়াবৰীয়াৰ

Image
মানুহ আজি মহামাৰীত আক্ৰান্ত । স্তব্ধ হৈ পৰিছে পৃথিৱী । তথাপি প্ৰকৃতিয়ে নিয়ম মানিবই ৷ বৰদৈচিলাজনীও অসমলৈ আহিবই ৷ কৃষকৰ মুখত হাঁহি নাই ৷ পেটত জুই ৷ শ্ৰমজীৱী মানুহে নেদেখাজনক ধিয়াই চকুলো টুকিছে ৷ বিজ্ঞানেও যেন সময়ৰ ওচৰত আজি হাৰ মানিব খুজিছে ৷ চৌদিশে মৃত্যুৰ কিৰিলি ৷ তথাপি বসন্ত আহিছে ৷ কপৌ ফুলিছে ৷ কুলিয়ে বিনাইছে ৷ শিপিনীৰ তাঁতৰ শালৰ বিহুৱান ল’বলৈ চেনাই এইবেলি নাহে ৷ হয়তো আহিব নোৱাৰে ৷ আঁহতৰ তলত ৰৈ ঢুলীয়া-পেঁপুৱাই  এইবাৰ নাচনীলৈ বাট নেচায় ৷ পেটৰ জুই, যৌৱনৰ জুই একাকাৰ হৈ পৰিছে ৷ কিন্ত ব’হাগক জানো অথলে যাব দিব পাৰি? বিহু নহ’লে জানো অসমীয়া জীয়াই থাকিব পাৰে? বিহুতো অসমীয়াৰ বুকুত আছে, তেজত আছে ৷ ব’হাগতেই জাতিটোৱে পণ লয় ৷ গা তিয়ায় ৷    পৰিৱেশ প্ৰতিকূল হ’লেও চেনেহৰ বিহুটিক হাতযোৰ কৰি মাতিছোঁ, বিহুটি ঐ! বছৰি আহিবা ৷ অসমীয়া জাতিটোক জগাবাচোন! বিপদৰ কালতো মাহ-হালধিৰে জাতিটোৰ দেহ মন ধুৱাবাচোন!                                 সকলোলৈকে ৰঙালীৰ ওলগ জনালোঁ । এইবাৰ সকলোৱে ঘৰতে বিহুটি পাতক ৷ চো...

প্ৰাকৃতিক পৰিৱেশ আৰু আমাৰ স্বাস্থ্যত ইয়াৰ প্ৰভাৱ

Image
✍ ডাঃ গৌতম গোবিন্দ চেতিয়া অস্থি বিভাগৰ ফিজিঅথেৰাপি বিশেষজ্ঞ।  মূখ্য প্ৰৱন্ধক, চাওলুং চুকাফা হেলথ কেয়াৰ এণ্ড ৰিচাৰ্চ ইনছষ্টিটিউট, হাটীগাও, গুৱাহাটী সভ্যতাৰ নামত, শিল্প বাণিজ্যৰ নামত, তথাকথিত উন্নতিৰ নামত মানুহে মাটি, বায়ু আৰু পানী বিষাক্ত কৰি তুলিছে আৰু লগতে বাতাবৰণ কলুষিত কৰাত ইন্ধন যোগাইছে, যাৰ ফলত বৃহৎ পৰিমাণৰ ক্ষতি গছ-গছনি, জীৱ-জন্তু, চৰাই-চিৰিকটি তথা মানৱ সমাজৰে হৈছে। কল-কাৰখানা আৰু মটৰগাড়ী আদিয়ে বৃহৎ পৰিমাণৰ সালফাৰ-ডাই-অক্সাইড, কাৰ্বন-ডাই-অক্সাইড আৰু সীহ আদি বিষাক্ত গেছ আৰু ধাতব পদাৰ্থ আমাৰ বায়ুমণ্ডলত এৰি দিয়াৰ ফলত মানুহ আৰু পশু-পক্ষীৰ শৰীৰৰ স্নায়ু, হাওঁফাওঁ, উশাহনলী আদি বেয়াকৈ আক্রান্ত হৈছে। গছ-গছনিৰ বৃদ্ধি আৰু উৎপাদনৰ ক্ষমতাও হ্ৰাস হৈছে। চিকিৎসক সকলে শ্বাস-প্ৰশ্বাসজনিত কাৰণত দুৰ্ভোগ ভোগ কৰি থকা ৰোগীক, কঁকাল-আঁঠু আদি বা অন্যান্য ৰোগৰ ৰোগীকো প্ৰাতঃভ্ৰমণ (Morning Walk) কৰিবলৈ প্ৰায়ে পৰামৰ্শ কৰে। ইয়াৰ কাৰণো সুকীয়া তাৰ বিষয়ে অলপ বিষদভাৱে আলোচনা আগবঢ়োৱা হ'ল... পুৱাৰে পৰা চৰাই-চিৰিকটি, পশু-পক্ষী সকলো প্ৰাণীয়ে বায়ুমণ্ডলত শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়াৰ জৰিয়তে...

Tahanir gaan is an online based singing challenge

Image
Tahanir gaan is an online based singing challenge that intends to encourage people to stay at home during this crisis and involve themselves in productive works. Promoting the nourishment of talents within people, it tries to provide a platform for the larger audience to recognise and accept the raw talents of the artists. Guidelines for the challenge --- 1) Time Limit for the video is 2-3 minutes. 2) Genre / Category is Classical 90's songs 3) Song must be performed in Assamese language. 4) There is no Age Limit for the performer. 5) Last date of submission is 7th April. 4) Digital certificate, cash  prize of Rs. 1501/ will be awarded to the winner. 5) Audience reaction on the post shared under the banner Late Night Talkies will be the mode of selection of the winner. 6) Performance can be Solo/Duet/Group. 7) Assisting musician for instrumentation will be allowed. 8) Without any concern from the prior authorisation of the team Late Night Talkies, vid...