আৰ্তজনলৈ সহায়ৰ হাত হাঁহচৰাৰ প্ৰেছ ক্লাবৰ


নৱচিন্তন নিউজ, ২৯ মাৰ্চ: লক ডাউনৰ সময়ছোৱাত এতিয়া স্তব্ধ হৈ পৰিছে দেশৰ নগৰ-চহৰৰ লগতে গাৱৰ  দৈনন্দিন পৰিৱেশ । তেনে সময়তে শিৱসাগৰ জিলাৰ হাঁহচৰা প্ৰেছ ক্লাবৰ সভাপতি ব্ৰজেন ফুকনৰ নেতৃত্বত এটি সজাতি দলে কিছুদিন ধৰি হাঁহচৰা আৰু কাষৰীয়া অঞ্চলৰ পদপথ আৰু দৈনিক হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা বহু ব্যক্তিৰ গৃহত বিভিন্ন খাদ্য সামগ্ৰী যোগান ধৰে ।  তেখেতক সহযোগিতা আগবঢ়ায় প্ৰেছ ক্লাৱৰ সাধাৰন সম্পাদক দেৱজ্যোতি বৰুৱা আৰু মিন্টু চাংমাইকেধৰি প্ৰেছক্লাৱৰ সদস্যসকলে । লগতে  ৰাইজক ঘৰতে থকাটো নিশ্চিত কৰাৰ লগতে আগন্তক নিৰ্ধাৰিত সময়খিনি ঘৰতে পাৰ কৰিবৰ বাবে অনুৰোধ জনায় দলটোৱে ।


Comments

Popular posts from this blog

মৰাণ বিহু

প্ৰাকৃতিক পৰিৱেশ আৰু আমাৰ স্বাস্থ্যত ইয়াৰ প্ৰভাৱ

সময় যে পাখি লগা কাড় ...