বেচৰকাৰী সংস্থা নৰ্থ ইষ্ট পিপুলচ ৰাইট আৰু গৌতম কোঁচৰ দিব্যাংগ, দৰিদ্ৰ লোককৰ মাজত খাদ্য সামগ্ৰী বিতৰন


হাঁহচৰাৰ প্ৰতিবেদক, ৩১ মাৰ্চ: লকডাউনৰ সময়ছোৱাত এতিয়া দুৰ্বিসহ তথা খাদ্য সামগ্ৰীৰ অভাৱ-অনাটনেৰে জীৱন কটাইছে দিব্যাংগ ব্যক্তি আৰু দৰিদ্ৰ পৰিয়াল সমূহে। শিৱসাগৰ জিলাৰ হাঁহচৰাৰ লংকাক গোহাঁই গাওঁ, গোমোঠা, লাটুম গাঁৱৰ কেইগৰাকীমান দিব্যাংগ ব্যক্তি আৰু দৰিদ্ৰ পৰিয়ালৰ কাষত থিয় দিলে গোমোঠা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গৌতম কোঁ‌চ, স্বেচ্ছাসেৱী অনুষ্ঠান নৰ্থ ইষ্ট পিপুলচ ৰাইটৰ সম্পাদক দেৱজ্যোতি বৰুৱা আৰু হাঁহচৰা প্ৰেছ ক্লাবৰ উপদেষ্টা ত্ৰৈলোক্য দত্তই।সমাজৰ বিভিন্ন সা সুবিধাই হততে ঢুকি নোপোৱা দিব্যাংগ আৰু দৰিদ্ৰ লোকসকলক এই সংকটকালীন সময়ত খাদ্যসামগ্ৰী প্ৰদান কৰি সহায়ৰ হাত আগবঢ়োৱা পদক্ষেপক সচেতন ৰাইজে প্ৰশংসা কৰিছে। লকডাউনৰ সময়ছোৱাত খাদ্যসামগ্ৰী হিচাপে আলু, দাইল, নিমখ, মিঠাতেল, চাবোন, বিস্কুটকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী এই সংকটময় অৱস্থাত আগবঢ়োৱাত দিব্যাংগ ব্যক্তিৰ লগতে দৰিদ্ৰ পৰিয়ালকেইটিয়ে ধন্যবাদ জ্ঞাপন কৰিছে।






Comments

Popular posts from this blog

মৰাণ বিহু

প্ৰাকৃতিক পৰিৱেশ আৰু আমাৰ স্বাস্থ্যত ইয়াৰ প্ৰভাৱ

সময় যে পাখি লগা কাড় ...