নিঃশেষ হৈ যাব নেকি আহোম ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁইৰ মৈদাম !



ঐতিহাসিক শিৱসাগৰ জিলাৰ চেৰেকাপাৰত অৱস্থিত ধোবা পুখুৰী আৰু আহোম ৰাজত্বৰ বিচক্ষণ ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁইৰ মৈদাম ।  ছশ বছৰীয়া আহোম ৰাজত্ব কালৰ দলিল স্বৰূপ কীৰ্তীচিহ্ন বোৰ বৰ্তমান ৰজাঘৰীয়া অৱহেলা কাৰণে যেন এদিন  নি:শেষ হৈ যাব !  প্ৰায় ১৬৭৯ চনতে আতন বুঢ়াগোহাইক সমাধিস্থ কৰা মৈদামটি যুগ-যুগান্ত ধৰি অৱহেলিত হৈ আজি  হাবি জংঘলেৰে পৰিপূৰ্ণ হৈ অৱহেলিত মৈদামটো চেৰেকাপাৰ গাঁও পষ্ণায়তৰ ভাৰতীয় যুৱ মৰ্চাৰ সদস্যকলৰ উদ্যোগত আৰু হাঁহচৰা প্ৰেছ ক্লাবৰ সহযোগত যোৱা ২ তাৰিখে  মৈডাম চাফ চিকুনৰ এক কাৰ্যসূচী হাতত লয়। মৰ্চাৰ সদস্যসকলে অভিযোগ তুলিছে যে , যিহেতু বন বিভাগৰ চকুৰ সন্মুখতে  মৈদামৰ কাষতে বিভিন্নজনে মাটি খান্দি প্ৰকাণ্ড গাঁতৰ সৃষ্টি কৰিছে। সময় মতে প্ৰশাসনে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে এদিন এই মৈদামসমূহৰ অস্তিত্ব নেথাকিব। লক্ষ্যণীয় বিষয় যে পুৰাতত্ব বিভাগৰ কাৰ্য্যালয়ৰ পৰা মাথো ৩ কি:মিৰ অৱস্থিত প্ৰায় ১.৫ বিঘা যোৰা বৃহৎ আকাৰৰ মৈডামটি আজিও অৱহেলিত। 
 স্থানীয় ৰাইজে  আহোম ৰাজত্বৰ গুৰুত্বপূৰ্ণ মৈডামটি পুৰাতত্ব বিভাগ আৰু প্ৰশাসনে আজিও যথাযথ গুৰুত্ব প্ৰদান নকৰাত গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে শীঘ্ৰে ব্যৱস্হা গ্ৰহণৰ দাবী জনাইছে।

-

Comments

Popular posts from this blog

মৰাণ বিহু

প্ৰাকৃতিক পৰিৱেশ আৰু আমাৰ স্বাস্থ্যত ইয়াৰ প্ৰভাৱ

সময় যে পাখি লগা কাড় ...