মৰাণ বিহু
✍ দিলীপ মৰাণ তিনিচুকীয়া,অসম। (আজি মৰাণ বিহুৰ উৰুকা মানৱ জাতিলৈ যাছিলোঁ মৰাণ বিহুৰ অলেখ অযুত শুভকামনা) হে'ই হাঁচতি ঐ চ'ত বিচতি ঐ চ'ত বুধে বিৰচতি(বৃহস্পতি) মঙলে (মঙ্গল বাৰ)উৰুকা বিহু গৈ আছিলি ক'ত ? (ল'ৰাৰ বিহু পদ) হে'ই নাঙলতে হালি-জালি পদূলিতে ভৰি জালি বিচনী মইনা দৈ আহ যাং ওমলোংগৈ (ছোৱালীৰ বিহু পদ) (মৰাণ সকলৰ বিহু জোৰা পদ) আজিৰেপৰা স্বকীয় পৰম্পৰাৰে মৰাণ বিহু আৰম্ভ হৈছে। আজি মঙল বাৰে মৰাণ জনজাতিৰ বিহুৰ উৰুকা। অসমৰ অন্যতম থলগিৰি মৰাণ জনজাতিয়ে চ'তৰ সংক্ৰান্তিৰ পৰা বিহু পালন কৰাৰ পৰিৱৰ্তে বহাগ মাহৰ প্ৰথম সপ্তাহৰ প্ৰথম মঙলবাৰৰ পৰাহে বিহু পালন কৰে । মঙলে উৰুকা,বুধে গৰুবিহু, একাদিক্ৰমে বৃহস্পতিবাৰে মানুহবিহু,জী-জোৱাই বিহু,আটা কুটুম বিহু........! বিহু অসমৰ জাতীয় উৎসৱ। অসমীয়াৰ হিয়াৰ আমঠু ,অসমীয়া জ...

Comments
Post a Comment