সময় যে পাখি লগা কাড় ...


ৰূপান্তৰ চাউৰক
মানসিক বিশেষজ্ঞ, তিনিচুকীয়া

সময় আমি আমাৰ হাতত কেতিয়াও ধৰি ৰাখিব নোৱাৰো সেয়া চিৰন্তন সত্য । ইংৰাজী নৱবৰ্ষ বুলি কিবা এটা নতুন আনন্দ কি কৰিম সাম্প্ৰতিক সময়ত পৰিস্হিতিয়ে মনবোৰ কিবা আন্ধাৰ কৰা যেন অনুভৱ হৈছে । তথাপিও আগৰ দিনবোৰ দৰে  ইতিবাচক এটা মন লৈ নিজৰ লগতে সমাজৰ উন্নতিৰ হকে আহোপুৰুষাৰ্থ চেষ্টাৰে আগোৱাই যাব লাগিব। শেষত সকলোৰে প্ৰতিটো দিন সুন্দৰ ৰঙীন হওক তাৰে কামনাৰে
_____________________________________________


বিনয় বড়া,অধ্যক্ষ
ৰংপুৰ জুনিয়ৰ কলেজ, শিৱসাগৰ।
        সমূহ ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালো। ২০২০ চনৰ সূৰুজৰ সোণালী কিৰণে সকলোৰে মানসপটত আৱৰি থকা কলীয়া ডাৱৰ খিনি আঁতৰাই দেশবাসীলৈ কঢ়িয়াই আনক সুখ,শান্তি আৰু আনন্দৰ বতৰা। জাতিৰ এই সংকট কালত ধৰ্মৰ সাঁজ পৰিহাৰ কৰি,দৃঢ় সংকল্প তথা মানসিকতাৰে এক হৈ অশুভ শক্তিৰ বিৰুদ্ধে সকলোকে মাৰ বান্ধি যুঁজ দিয়াৰ শক্তি দিব বুলি আশা ৰাখিলো ।
_____________________________________________



Bisuddhananda Bhikhu
Bhante,
Buddhist Monastery,  Sivasagar
One day Lord Buddha said... Suffering lamentation be destroyed, Suffering sadness sickness Danger starts, not so good or bright be destroyed, may there be prosperity Good luck blessing and protection from the Dhamma.
One's mind gains claim quickly, one's complexion brighten.
I will teach & analyze for you the Noble Eightfold path, Listen & pay close attention I will speak.
On this joyous occasion, cherish the memories of the year that has gone by
   Happy New year.
In soft glistening night of stars, hope all your aspirations come true. May every star present in the sky.
Bring love and cheer to you Happy New year 2020.
_____________________________________________


দেৱজ্যোতি বৰুৱা
অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয় 

সমূহ অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষ ২০২০ ৰ শুভেচ্ছা জ্ঞাপন কৰিলো ।  ইংৰাজী নতুন বছৰটোৱে সকলোলৈ কঢ়িয়াই আনক শান্তি, সমৃদ্ধি আৰু ভাতৃত্ববোধ ।  জাতীয় জীৱনলৈ নামি অহা ভাষিক-সাংস্কৃতিক সংকটৰ বেলা আমি দল-মত, জাতি-ধৰ্ম নিৰ্বিশেষে সকলোৱে একেলগে মাৰবান্ধি থিয় হৈ অসমীয়া জাতিৰ প্ৰতি ভাবুকি সৃষ্টি কৰা সকলো শক্তিক প্ৰতিহত কৰাৰ বাবে নতুন বছৰটোতে সংকল্প লওঁ আহক ।
_____________________________________________


লোহিত গগৈ
কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি
টাই আহোম যুৱ পৰিষদ, অসম
সমূহ অসমবাসীক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো । অসমবাসীয়ে বিগত বৰ্ষটো প্ৰাপ্তি অপ্ৰাপ্তিৰ মাজেৰে পাৰ কৰিলে ;অসমৰ জাতীয় জীৱনৰ প্ৰতি অহা সংকট কালতো মাৰ বান্ধি থিয় দিলে বিগত বৰ্ষত ।  এইখন চাওলুঙ চুকাফা, শংকৰ-আজানৰ দেশ ; এই অসম ভূমিত বিভিন্ন জাতি জনজাতি , জনগোষ্ঠীয়ে উমৈহতীয়া ভাবে হাজাৰ বছৰ বসবাস কৰি আহিছে । বৈচিত্ৰ্যৰ মাজত ঐক্য বিৰাজ কৰা অসমীয়া সমাজখনত কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ দৰে জাতিধ্বংসী, খিলঞ্জীয়া বিৰোধী আইন প্ৰণয়ন কৰি অসমীয়া জাতিসত্বা ধংশ কৰিব বিচাৰিছে , যিটো অসমৰ জনগণে কেতিয়াও মানি নলয় । এই জাতিধ্বংসী আইনখন কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰিলেও অসমৰ জনতাৰ আদালতত এতিয়াও গৃহীত হোৱা নাই । অসমৰ জাতীয়তাবাদ গঢ়ি উঠিছে বিশেষকৈ ভাষাৰ ওপৰত ভিত্তি কৰি , কোনো ধৰ্মৰ ওপৰত ভেটি কৰি নহয় । সেয়ে এনে ধৰ্মৰ ওপৰত ভিত্তি কৰি প্ৰণয়ন কৰা আইন অসমৰ জনতাই কোনোপধ্যেই মানি নলয় । খিলঞ্জীয়া ৰাইজৰ সুৰক্ষাৰ কথা কোৱা জাতীয় নায়ক খ্যাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াৰ ওপৰত ৰাইজৰ প্ৰত্যাখ্যা আছিল যে তেওঁ অসমৰ জনতাৰ পক্ষত থিয় হৈ মাত মাতিব আৰু কাম কৰিব, কিন্তু এতিয়া তাৰ ওলোটা প্ৰতিচ্ছবি দেখি ৰাইজ আজি হতাশ আৰু হতম্ভৱ । সেয়ে নতুন বছৰৰ প্ৰাক্ ক্ষণত অসমৰ ৰাইজে নিবিচৰা  এই জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনখন বাতিল হোৱাটো আমি কামনা কৰিছোঁ আৰু যদিহে তেওঁ অসমৰ প্ৰকৃতপক্ষে কল্যাণ কামনা কৰে এক বিকল্প হিচাপে অসমৰ ছয় জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিকৰণ কৰি অসমক এখন জনজাতীয় ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰি CAA ৰ আওঁতাৰ পৰা অসমক বচাই ৰাখিবলৈ আহ্বান জনাইছোঁ । অসমৰ খিলঞ্জীয়া জনগণে নতুন বছৰত শান্তি আৰু প্ৰগতি আশা কৰে , বিচাৰে এখন শান্তিৰ সমাজ , য'ত সকলো জাতি ,বৰ্ণ, ধৰ্মৰ লোকে সমিল মিলেৰে জীয়াই থাকিব পাৰে ।  সমাজত সামুহিক সংহতিৰ অবিহনে প্ৰগতি অসম্ভৱ । সেয়ে  নতুন বছৰে যাতে সমাজৰ সকলো বিভ্ৰান্তি আঁতৰাই এখন শুদ্ধ নিকা সমাজ গঠন হোৱাৰ কামনা কৰিছো।
_____________________________________________


দিলীপ মৰাণ
উপসভাপতি
সদৌ মৰাণ ছাত্ৰ সন্থা

প্ৰতি গৰাকী অসমবাসীলৈ ইংৰাজী নতুন বছৰ ২০২০-ৰ আন্তৰিক শুভকামনা জনাইছোঁ | অতি সম্প্ৰতি অসম-অসমীয়াৰ এই জটিল সন্ধিক্ষণৰ ৰাজনৈতিক বৈষম্যৰ অশুয়া -অপ্ৰীতিবোৰ অনাগত দিনত সুখ-শান্তি-প্ৰগতিৰ বাৰ্তাবাহক হৈ সমগ্ৰ অসমজুৰি উপচি পৰক।অসমখনকে বিপন্ন কৰিব পৰা অপশক্তিসমূহ বিনাশ ঘটি এক সুন্দৰ শক্তিশালী অসমৰ ভাষিক,সাংস্কৃতিক ঐতিহ্যৰে সমৃদ্ধিশালী অসমীয়া জাতি প্ৰতিষ্ঠাৰ পণ লৈ প্ৰতিগৰাকী অসমীয়াই সাম্য ,মৈত্ৰী,একতাৰ নিদৰ্শন বিশ্ববাসীৰ আগত ২০২০ চনৰ এই পৱিত্ৰ শোভাৰম্ভণিৰ ক্ষণত দাঙি ধৰিবলৈ যত্ন কৰোঁ আহক।

_____________________________________________


শ্ৰী যুৱৰাজ গগৈ, প্ৰৱক্তা, ৰাজনীতি বিজ্ঞান বিভাগ
 গড়গাঁও মহাবিদ্যালয়, শিৱসাগৰ

সমূহ অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা ওলগ আৰু শুভেচ্ছা জনালোঁ। আশাকৰোঁ নতুন বছৰটোৱে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক অনাবিল সুখ আৰু শান্তিৰ বতৰা। তাৰেই আশাৰে.... 

_____________________________________________



 চাও মনোজ গগৈ
যুটীয়া সম্পাদক, আটাছু কেন্দ্ৰীয় সমিতি

শীতৰ ৰ'দ কাঁচলিৰে কুঁৱলি ফালি শুভ সময়ৰ শংখ ধ্বনিয়ে আনিছে সম্ভাৱনাৰ সুগন্ধিৰ নতুন দিনৰ বতৰা।
নতুন বছৰটো হওক সকলোৰে বাবে সুখ আৰু সমৃদ্ধিৰে ভৰপুৰ। তাৰে কামনাৰে.... 
অসম আৰু অসমীয়াক ভালপোৱা প্ৰতিজনলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ।

Comments

Post a Comment

Popular posts from this blog

প্ৰাকৃতিক পৰিৱেশ আৰু আমাৰ স্বাস্থ্যত ইয়াৰ প্ৰভাৱ

মৰাণ বিহু